title stringlengths 13 148 | header stringlengths 0 3.13k | footer stringlengths 0 2.16k | body stringlengths 0 46k | quality stringclasses 2
values | url stringlengths 58 1.01k |
|---|---|---|---|---|---|
পৃষ্ঠা:A Dictionary Of Phrases From Assamese To Assamese And English.djvu/১৮ | {{rh|অকাজ-ভাগি|৮|আগ}} | থকা, টেঙ্গৰ possessing all manner of experiences good
or evil, subtle.
'''আকাজ-ভাগী'''—বিণ, কাৰ্য্যভাগী নোহোৱা, তাঁত সূতা বব নজনা তিৰোতা, অকৰ্ম্মণ্য
তিৰোতা, an unaccomplished woman.
'''আকাৰ ইকাৰ মতা'''—ক্ৰি, [ আকাৰ-ইঙ্গিত মতা ] কথাৰে নামাতি আকাৰ-
ইঙ্গিতেৰে মতা, ঠাৰে-চিঁয়াৰে মতা, to insinuate, to give an
oblique hin... | VALIDATED | ||
পৃষ্ঠা:A Dictionary Of Phrases From Assamese To Assamese And English.djvu/১৯ | {{rh|আগ-মঙ্গহ|৯|আঘৈণী}} | গোৱা আৰু এবেলি পিচলৈ নি থোৱা অৰ্থাৎ আল-পৈচান ধৰা, ওচৰতে
লাগি-ভাগি মান-সম্ভ্ৰম দেখুওৱা, to attend on a great man.
আগ-মঙ্গহ খোৱা—ক্ৰি, বুকুৰ আগ-মঙ্গহ নষ্ট হলে মানুহ জীয়াই নাথাকে।
এতেকে,—অন্তৰত অতিপাত বেজাৰ দিয়া, to wound one's
feelings mortally.
আগ বঢ়াই অনা—ক্ৰি, [আগলৈ বঢ়াই অনা] সম্ভ্ৰম বুজাই নিজৰ আগ কৰি অলপ বাট ... | VALIDATED | ||
পৃষ্ঠা:A Dictionary Of Phrases From Assamese To Assamese And English.djvu/২০ | {{rh|আঙ্গুলীৰ|১০|আতোল}} | the mean exhibiting of power by an unworthy
woman.
আঙ্গুলীৰ মূৰত দিন লেখা—ক্ৰি, সাধাৰণ মানুহে দিন লেখিবলৈ হলে আঙ্গুলীৰ
মূৰত লেখে। কোনো কাৰ্য্য হবলৈ আৰু কেই দিন আছে, আঙ্গুলীৰ
মূৰত দিনে দিনে লেখি থাকে বোলা হৈছে। এতেকে,—অধৈৰ্য্য হৈ
অপেক্ষা কৰা, to wait impatiently for anything
আঙ্গুলীৰ মূৰত লেখিব পৰা—বিণ, সাধাৰণ মানুহে ... | VALIDATED | ||
পৃষ্ঠা:A Dictionary Of Phrases From Assamese To Assamese And English.djvu/২১ | {{rh|আদৰা|১১|আপুনি}} | সাদৰ কৰা, dearly beloved.
আদৰা দৰা—বিং, যাক বিয়ালৈ পূৰ্ব্বে আদৰি অনা হৈছে তেনে দৰা, অৰ্থাৎ
দ্বিতীয় বিয়াৰ দৰা, a widower bridegroom.
আদৰি অনা—ক্ৰি, যথোচিত অভ্যৰ্থনা কৰি অনা, to welcome with due
ceremonies.
আধা-কটা—বিণ, নেজ এডোখৰ কাটিলে কুকুৰ চোকা হয়। এতেকে, দুষ্ট,
টটাটিঙ্গা, cunning.
আধা-খুণ্ডা—বিণ, (আধা-খুণ্ডা ... | VALIDATED | ||
পৃষ্ঠা:A Dictionary Of Phrases From Assamese To Assamese And English.djvu/২২ | {{rh|আপোনাৰ|১২|আবৰী}} | শালী কৰে, কিন্তু নিজে নাঙ্গঠা (দিগম্বৰ)। এতেকে,—নিজে শোচনীয়
অৱস্থা পোৱা কিন্তু পৰৰ উপকাৰ কৰা, to do good to all
although oneself badly off.
আপোনাৰ নাক কাটি সতিনীৰ যাত্ৰা-ভঙ্গ কৰা—ক্ৰি, (উপকথা) অমঙ্গলীয়া ঘটনা দেখিলে কোনো ঠাইলৈ যাত্ৰা কৰিব নাপায়। তিৰোতা মানুহে মাকৰ
ঘৰলৈ যোৱা এটি অতি আনন্দৰ বিষয়। কোনো তিৰোতাই মাকৰ
ঘৰ... | VALIDATED | ||
পৃষ্ঠা:A Dictionary Of Phrases From Assamese To Assamese And English.djvu/২৩ | {{rh|আভুৱা|১৩|আৰৈয়া}} | আভুৱা ভঁৰা—ক্ৰি, [আভুৱাক ভৰা] আভুৱাক যেনেকৈ ভঁৰা যায় তেনেকৈ ভঁৰা, প্ৰবঞ্চনা কৰা, to hoodwink, to impose on.
আভোকৰ ন মুঠিয়েই জোৰা—ক্ৰি, সাধাৰণ মানুহে ছ মুঠি চাউলৰ ভাত খায়।
এই স্থলত কোৱা হৈছে যে ৰান্ধিবৰ নিমিত্তে ন মুঠি চাউল লৈছে,
অথচ কৈছে যে আভোক বাবে ইমানেই জুৰিব। এতেকে,—মুখেৰে
নিস্পৃহাৰ ভাব দেখুৱাই কাৰ্য্যেৰে অত... | VALIDATED | ||
পৃষ্ঠা:A Dictionary Of Phrases From Assamese To Assamese And English.djvu/২৪ | {{rh|আলচ|১৪|আলেকৰ}} | আলচ পতা—ক্ৰি, [ আলোচনা পতা] চক্ৰান্ত কৰা, to plot, to design.
আল-লগা বামুণ—বিং, ‘পিঠিয়াল’ ‘ঘৰিয়াল’ ইত্যাদি আলযুক্ত বামুণ। এই
বিলাক বামুণ পূৰ্ব্বে শুদিৰ আছিল। লেকাই চেটিয়াই লগুণ পিন্ধাই
ইহঁতক ৰণলৈ পঠিয়াইছিল। ৰণৰ পাচত ইহঁতৰ লগুণ ৰৈ গল।
এতেকে,—নীচ বামুণ। (নিন্দা প্ৰয়োগ) a Brahmin of impure
origin, a low Brahmin.
আ... | VALIDATED | ||
পৃষ্ঠা:A Dictionary Of Phrases From Assamese To Assamese And English.djvu/২৫ | {{rh|আলৌ|১৫|ই-কাণ}} | আলৌ-লৌৱা গৌৰী—বিং, পাৰ্ব্বতী মেনকাৰ আলসুৱা জীয়েক আছিল।
এতেকে,—আলসুৱা ছোৱালী, a dearly beloved delicate
girl.
আশাধাৰী জীৱ—বিণ, আশাৰ ওপৰত প্ৰাণ ধাৰণ কৰা মানুহ, man who lives through hope.
আশাত নিৰাশ হোৱা—ক্ৰি, আশা কৰি থাকোঁতে আশা-ভগ্ন হোৱা, to be
broken-hearted.
আশা বৈতৰণী নদী—বিং, বৈতৰণী নদীৰ সোঁত অতি প্ৰৱল। মানুহ ... | VALIDATED | ||
পৃষ্ঠা:A Dictionary Of Phrases From Assamese To Assamese And English.djvu/২৬ | {{rh|ইচাট|১৬|ঈশ্বৰৰ}} | কোনো কথা দ্বিতীয় মানুহক কলেই সি সৰ্ব্বত্ৰ প্ৰচাৰিত হোৱা, to
spread far and wide if known to a second person.
{|
|-
|ইচাট বিচাট কৰা<br/>ইচাটি বিচাটি কৰা
|{{Xx-larger|<nowiki>}</nowiki>}}
| —ক্ৰি, “বিচাট" বিষাদ শব্দৰ অপ্ৰভ্ৰংশ। “ইচাট” অনুৰূপ
|}
শব্দ। এতেকে,—বিহ্বল হোৱা, to be ill at ease, to feel
restless.
ই তিনি গুণ... | VALIDATED | ||
পৃষ্ঠা:A Dictionary Of Phrases From Assamese To Assamese And English.djvu/২৭ | {{rh|ঈশ্বৰে|১৭|উগ্ৰসেনে}} | স্বয়ং ঈশ্বৰ। লৰা-কালত তেওঁ অত্যাচাৰ কৰিছিল। সেইবিলাক
কাৰ্য্যক মানুহে ঈশ্বৰৰ লীলা বুলি কয়। কিন্তু সাধাৰণ মানুহে যদি
তেনেকুৱা অত্যাচাৰ কৰে, তেনেহলে সকলোৱে “তাক কীলা” এই
বুলি কয়। এতেকে,—বৰলোকৰ দোষকো গুণৰ শাৰীত পেলোৱা
কিন্তু ইতৰ লোকক সেই একে প্ৰকাৰৰ দোষতেই অতিৰিক্ত দণ্ড
দিয়া, to call the faults of a great man accomplis... | VALIDATED | ||
পৃষ্ঠা:A Dictionary Of Phrases From Assamese To Assamese And English.djvu/২৮ | {{rh|উচতাই|১৮|উদক}} | মুগ্ধ হলে ‘যোগ্যতম’ মানুহৰো পৰামৰ্শ নোলোৱা, not to take
advice even from the worthiest man when one loses
his head in dire distress.
উচটাই গাই-গৰু বোওৱা—ক্ৰি, হিন্দু মানুহে গাই-গৰুৰে হাল বালে জাতি-ভ্ৰষ্ট হয়।
এই স্থলত, উচটাই হিন্দুৰ দ্বাৰা গাই-গৰু বোওৱা হৈছে বোলা হৈছে।
এতেকে,—কোনো অন্যায় কাৰ্য্য নিজে নকৰি উচটনিৰ দ্... | VALIDATED | ||
পৃষ্ঠা:A Dictionary Of Phrases From Assamese To Assamese And English.djvu/২৯ | {{rh|উদৰ|১৯|উভতি}} | উদৰ সাত পুৰুষে কেঁচা মাছ খোৱা—ক্ৰি, মানুহে মাছ সিজাই খায়। ঈদে পূৰ্ব্ব
কালৰপৰা কেঁচা মাছ খাই আহিছে। এতিয়া সি সেই অভ্যাস এৰি
মাছ সিজাই খাব নোৱাৰে। এতেকে,—পূৰ্ব্ব কালৰ চলিত ৰীতি
সহজে এৰিব নোৱৰা, to be unable to give up easily a
custom which has been prevalent since a long time.
উধনীয়া ভেম—বিং, উধানৰ সমান অৰ্থাৎ ডাঙ্গ... | VALIDATED | ||
পৃষ্ঠা:A Dictionary Of Phrases From Assamese To Assamese And English.djvu/৩০ | {{rh|উভলা|২০|উৰি}} | খোজ কঢ়া অৰ্থাৎ বিপৰীতভাৱে কাৰ্য্য কৰা, to act in an unusual
manner.
উভলা গছ দেখি আটায়ে বাগি কুঠাৰ মৰা—ক্ৰি, যি গছ থিয় হৈ থাকে, তাৰ
ওচৰলৈ কোনো মানুহ নাযায়। কিন্তু যি গছ উভলি পৰি থাকে, যেয়ে
সেয়ে গৈ তাক বাগি কুঠাৰেৰে কাটে। এতেকে,—পৰি থকা অৰ্থাৎ
দুৰ্ব্বল মানুহ দেখি যেয়ে সেয়ে অপকাৰ কৰা, the injuring by
anybody and ... | VALIDATED | ||
পৃষ্ঠা:A Dictionary Of Phrases From Assamese To Assamese And English.djvu/৩১ | {{rh|উলাহৰ|২১|ঊণৈছ}} | উলাহৰ মাদলি—বিণ, (মাদলি – ডিঙ্গিত পিন্ধা অলঙ্কাৰ)। উলাহ বুজোৱা
মাদলি। এতেকে,—হৰ্ষোৎফুল্ল মনুহ a person in high glee.
উলুৰ লগত বগৰি পোড়া—ক্ৰি উলুৱনীৰ মাজে মাজে বগৰি গছ থাকে। খেতি-
বাতিৰ নিমিত্তে মাটি মুকলি কৰিবলৈ উলুৱনীত জুই লগাই দিয়া
হয়। সেই জুইত উলু যে পোড়েই বগৰি গছো পুড়ি যায়। এতেকে -
সঙ্গদোষত অপৰাধী মানুহৰ লগত... | VALIDATED | ||
পৃষ্ঠা:A Dictionary Of Phrases From Assamese To Assamese And English.djvu/৩২ | {{rh|ঊষা|২২|এক}} | ঊষা পটেশ্বৰী—বিং, ঊষা শোনিতপুৰৰ বাণ ৰজাৰ জীয়েক, আৰু শ্ৰীকৃষ্ণৰ নাতি
অনিৰুদ্ধৰ ঘৈণীয়েক। তেওঁ অতি সুন্দৰী আছিল। (পটেশ্বৰী =
ৰাজ-পাটৰ ঈশ্বৰী অৰ্থাৎ প্ৰধান ৰাজ-মহিষী; তাৰপৰা, ৰূপৱতী
তিৰোতা। এতেকে,—অতি ৰূপৱতী তিৰোতা, an extremely
beautiful woman.
<center>⸻</center>
<center>{{Xxxx-larger|এ। }}</center>
এই অনা দেওৱা—ক্ৰ... | VALIDATED | ||
পৃষ্ঠা:A Dictionary Of Phrases From Assamese To Assamese And English.djvu/৩৩ | {{rh|একছি|২৩|একে}} | attachment.
একছি পুৰুষ—বিং, একৈছ পুৰুষ, বহু পুৰুষ, many generations.
একা-চেকা মানুহ—বিং, ম’হ-গৰুৱে চঁক খালে যি পোনে যাব সেই পোনেই গৈ
থাকে, তাক ওভোতাই আনিব পৰা নাযায়। এতেকে,—কোনো
কাৰ্য্যৰ পোনে ঢাল ললে সেই কাৰ্য্যৰপৰা ওভোতাই যাক আনিব
পৰা নাযায় তেনে মানুহ, a wayward fellow.
একালে সোমাই একাণে ওলোৱা—ক্ৰি, কোনো কথা একাণ... | VALIDATED | ||
পৃষ্ঠা:A Dictionary Of Phrases From Assamese To Assamese And English.djvu/৩৪ | {{rh|একে|২৪|এছাল}} | গুল্ম পিত্ব আদি কোনো কোনো ৰোগেও বুকুত খুণ্ডা মাৰি ধৰে আৰু
কেতিয়াবা তেনেকুৱা একে খুণ্ডাতে মানুহ মৰে। এতেকে,—
তৎক্ষণাৎ প্ৰাণ হেৰুওৱা, to meet with instantaneous
death.
একে পাতত খোৱা একে কান্ধত লোৱা মানুহ—বিং, একে পাতত অৰ্থাৎ একে
শাৰীত খায় আৰু একে চাঙ্গিতে মৰা-শ শ্মশানলৈ নিয়ে এনেকুৱা
মানুহ অৰ্থাৎ একে খেলৰ মানুহ; লগৰ স... | VALIDATED | ||
পৃষ্ঠা:A Dictionary Of Phrases From Assamese To Assamese And English.djvu/৩৫ | {{rh|এটকা|২৫|এডিঙ্গি}} | অৰ্থাৎ এখন ছাল বা প্ৰথম ছাল ছিগি যায়। এতেকে,—তৰ্কত
হাৰ নামানি যেনে তেনে প্ৰকাৰে নিজৰ মত এৰি নিদিয়া, to adhere
to one's opinion dogmatically.
এটকা মহন্তৰ শপথ—বিং, ‘এটকা’ শব্দে পূৰ্ণসংখ্যা বুজাইছে। এটকা মহন্ত =
পূৰ্ণসংখ্যাৰ মহন্ত অৰ্থাৎ পূৰ্ণাঙ্গ ধৰ্ম্ম। এতেকে,—যৎপৰোনাস্তি ডাঙ্গৰ
শপথ, an oath in the name of all that i... | VALIDATED | ||
পৃষ্ঠা:A Dictionary Of Phrases From Assamese To Assamese And English.djvu/৩৬ | {{rh|এডেও|২৬|এন্দুৰক}} | এতেকে,—ধন-সম্পত্তি থকাতো তাক ভোগ কৰিবলৈ নোপোৱা,
সম্পত্তি থকা স্বত্বেও কৃপণত কৰা, to comfort oneself as a
poor man though living in plenty.
এডেও দুডেওকৈ লোটা নিবৰ চেও ধৰ,—ক্ৰি ডেও মৰাৰ ছলেৰে লাহে লাহে
লোটাৰ পোনে চাপি আহি কোনেও নেদেখাকৈ লোট, চুৰ কৰি লৈ
যায় বোলা হৈছে। এতেকে,— নিৰ্দ্দোষ কাৰ্য্য কৰাৰ ফাঁকটি কৰি
পৰ?-অপহৰণৰ... | VALIDATED | ||
পৃষ্ঠা:A Dictionary Of Phrases From Assamese To Assamese And English.djvu/৩৭ | {{rh|এন্দুৰে|২৭|এবেলি}} |
ভাল নেদেখি। এতেকে,— স্বভাৱতে যি ঘৃণিত তাক কৃত্ৰিম উপায়ৰ
দ্বাৰা সুন্দৰ কৰিবৰ নিমিত্তে যত্ন কৰা to attempt to beautify
a naturally ugly person.
এন্দুৰে মাটি খনা, ঘৰতে বাহা হোৱা—ক্ৰি, চোৰে মাটিৰ তলেদি সিন্ধি খানে।
এন্ৰুৰেও সিন্ধিৰ নিচিনাকৈ গত খানে। চোৰ কৰিবৰ, মানুহ, কিন্তু
এন্দুৰ ঘৰৰ ভিতৰতে থাকে। এতেকে— ঘৰৰ ভিতৰত কোনো
... | PROOFREAD | ||
পৃষ্ঠা:A Dictionary Of Phrases From Assamese To Assamese And English.djvu/৩৮ | {{rh|এবুৰি|২৮|এহাতৰ}} |
in character.
'''এবুৰি ছ-অঁৰা'''— বিণ, কুড়িটাই এবুৰি আৰু চাৰিটাই এ-অঁৰা এই-ৰূপে অঙ্কৰ লেখ
হয়। (ছ-অঁৰা= চৌবিছ। ) এতেকে,—বহু, অধিক, excessive,
too many.
'''এমা-দিমা লৰা'''—বিং, [ এমাহ দুই মাহৰ লৰা] এমাহ-দুমাহ বয়সীয়া লৰা,
কেঁচুৱা লৰা (এম-দিমা শব্দ ‘ডিম' শব্দৰপৰা ওলোৱা সম্ভৱ
দেখা নাযায়। ) children of tender years.
... | VALIDATED | ||
পৃষ্ঠা:A Dictionary Of Phrases From Assamese To Assamese And English.djvu/৩৯ | {{rh|এহাতলৈকে|২৯|ঐয়া-হৈয়া}} |
mischief which has been done quite easily.
'''এহাতলৈকে হাত চুচি খোৱা'''—ক্ৰি, দৈ-গাখীৰৰ কলহত হাত কীলাকুটিলৈকে
সুমাই দিলে কীলকুটিৰপৰা এহাতলৈকে ঠাৰিত গাখীৰ লাগি
আহে। মানুহ জনে সেই হাত চুচি গাখীৰ খায় অৰ্থাৎ গোটেই
কলহ গাখীৰ একণো বাকি নোথোৱাকৈ খায় বোলা হৈছে।
এতেকে, — অতিৰিক্ত ভোজন কৰা to eat a giant’s meal.
'''এহাতে চ... | VALIDATED | ||
পৃষ্ঠা:A Dictionary Of Phrases From Assamese To Assamese And English.djvu/৪০ | {{rh|ওঁঠ|৩০|ওজাৰ}} |
{{center|{{Xx-larger|ও। }}}}
'''ওঁঠ-চেপিলে পিয়াহ ওলোৱা''' - বিণ, কেঁচুৱা লৰাই ওঁঠৰ দ্বাৰা পিয়াহ চুপি খায়।
এই স্থলত লৰাটো ইমান সৰু বুলি কোৱা হৈছে যে তাৰ ওঁঠ চেপিলে
এতিয়াও পিয়াহ ওলায় অৰ্থাৎ সি মাকৰ পিয়াহ খাবলৈ এৰা বহু দিন
হোৱা নাই। এতেকে,—সৰু, (লৰাত খাটে। ) infant.
'''ওঁঠ চেলেকা'''—-ক্ৰি, কোনো বস্তু খাবৰ নিমি... | VALIDATED | ||
পৃষ্ঠা:A Dictionary Of Phrases From Assamese To Assamese And English.djvu/৪১ | {{rh|ওপৰ|৩১|ওলোটা}} | {{rh||⸺⸻|}} |
নাইকিয়া হয়। এতেকে, যি কোনো মানুহে কোনো কাৰ্য্যত পৈণত
সেই কাৰ্যতে সেই মানুহে ঘাটি খোৱা, to be worsted in a field
which is specially one's own.
'''ওপৰ-চকুৱা মানুহ'''—বিং , ওপৰলৈ চকু কৰি ফুৰিলে হূল-জোঙ্গে ফুটিবৰ আশঙ্কা।
থাকে। এতেকে,— গমা-গপা নকৰা লোক, তললৈ নমনা মানুহ,
অসাৱধান বা বে-হিচাবী মানুহ, a superficial, indisc... | VALIDATED | |
পৃষ্ঠা:A Dictionary Of Phrases From Assamese To Assamese And English.djvu/৪২ | {{rh|ঔচ্|৩২|কাঁহ}} | {{center|{{Xx-larger|ঔ। }}}}
'''ঔচ্ বুলিলে ওচৰ চপা'''—-ক্ৰি, কুকুৰক 'ঔচ’ বুলি মতিলে সি ওচৰ চাপে।
এতেকে,—কুকুৰৰ দৰে নীচভাৱে পৰৰ আজ্ঞা পলা, to do
sneakingly as one is bid, to carry out order
slavishly.
'''ঔ পৰা'''—ক্ৰি, ঔ-টেঙ্গা পাৰিলে মাটিত ধুপ ধুপ-কৰে পৰে। পিঠিত কোনো মানুহে
ভুকুৱালেও সেইৰূপ শব্দ হয়। এতেকে,—ভুকু মৰ... | VALIDATED | ||
পৃষ্ঠা:A Dictionary Of Phrases From Assamese To Assamese And English.djvu/৪৩ | {{rh|কাঁহে|৩৩|কেঁকোৰা-খোলা}} | কাঁহে কাঁহে লাগিলে বজা—ক্ৰি, দুটা কাঁহৰ পাত্ৰ লাগিলে অৰ্থাৎ ঠেকাঠেকি হলে
বাজে অৰ্থাৎ শব্দ কৰে৷ দুটা মানুহে লাগিলে অৰ্থাৎ দন্দ্ লাগিলে
বাজে অৰ্থাৎ মুখেৰে গলিয়াগলি কৰে। এই স্থলত, দন্দ্ কৰা মানুহক
কাঁহৰ লগত তুলনা কৰা হৈছে। এতেকে— বেগতে খং উঠা দুজন
মানুহৰ ভিতৰত সামান্য বিষয়ত দন্দ লগা , the quarrelling of
two persons of e... | PROOFREAD | ||
পৃষ্ঠা:A Dictionary Of Phrases From Assamese To Assamese And English.djvu/৪৪ | {{rh|কেকোৰা-চেপা|৩৪|কেঁৰা}} | কৰি শুদা খোলাটো থৈ জন্ম লয়। এতেকে,—অন্তঃসাৰ-শূন্য কৰা,
নিৰ্যাতন কৰা, অনেক কষ্ট দিয়া, to reduce to skeleton.
কেঁকোৰা চেপা দিয়া—ক্ৰি, কেঁকোৰাই ঠেঙ্গেৰে বৰকৈ চেপি ধৰে। এতেকে,—
টানকৈ চেপা দিয়া অৰ্থাৎ কষ্ট দিয়া, to squeeze, to torture.
কেঁকোৰা নাঙ্গলত ধৰা—ক্ৰি, নাঙ্গলৰ আকাৰ কেঁকোৰা। নাঙ্গলৰ দ্বাৰা খেতিৰ
কাৰ্য্য কৰা হ... | VALIDATED | ||
পৃষ্ঠা:A Dictionary Of Phrases From Assamese To Assamese And English.djvu/৪৫ | {{rh|কেঁৰা|৩৫|কচু-শাকৰ}} | নগৈ আন সূতাৰ মাজে দি যায়, আৰু কেতিয়াবা, কুঁজা হয় অৰ্থাৎ
সূতাৰ কুঁজ বা ফোঁহা ওলায়। শিপিনীয়ে কেঁৰা আৰু কুঁজা ভাঙ্গি
অৰ্থাৎ ভাল কৰি তাঁত বয়। এতেকে,—কোনো কাৰ্য্যৰ আসোঁৱাহ-
বিসোৱাহ গুচোৱা, to remove defects.
'''কেঁৰা দুপৰ'''—বিং, কেঁৰা অৰ্থাৎ অলপ কতীয়া দুপৰ, দুপৰৰ ঠিক পূৰ্ব্ব-ভাগ
সময়, the part of the day immediatel... | VALIDATED | ||
পৃষ্ঠা:A Dictionary Of Phrases From Assamese To Assamese And English.djvu/৪৬ | {{rh|কচু-পাতৰ|৩৬|কটা-মৰা}} | সি একো নিব নোৱাৰি কচু-শাক বুটলি লৈ তাকে ভেঁটি দিয়ে গৈ।
এতেকে, দুখীয়া উপহাৰ, a humble present.
'''কচু-পাতৰ পানী'''—বিং, কচু-পাতত থকা পানীৰ নিচিনা অথিক বস্তু বা মানুহ,
anything unstable or transient in nature.
'''কচুৰ কটাৰি'''—বিং, কচু নিচেই কোমল, তাৰ দ্বাৰা কটা কাৰ্য্য হব নোৱাৰে।
এতেকে,—অকামিলা বস্তু, a useless we... | VALIDATED | ||
পৃষ্ঠা:A Dictionary Of Phrases From Assamese To Assamese And English.djvu/৪৭ | {{rh|কটা|৩৭|কণা-বেহা}} | '''কটা যোৱা'''—বিণ, যাক কাটি বধ কৰা হব অৰ্থাৎ যাৰ সমুখত বিপদ উপস্থিত
তেনেকুৱা, (গালিৰ মাত) damned (a term of reproach).
'''কটাৰ পো'''—বিং, [ কটা যোৱাৰ পো ] কটা-বোৱা যোগ্যৰ মানুহৰ পুতেক,
গুৰুতৰ জগৰীয়া প্ৰকৃতিৰ মানুহ, ( গালিৰ মাত ) a rascal, a
scoundrel (a term of reproach).
'''কটিয়া বজৰু'''—বিং, (বজৰু = বজ্ৰ) বজ্ৰম... | VALIDATED | ||
পৃষ্ঠা:A Dictionary Of Phrases From Assamese To Assamese And English.djvu/৪৮ | {{rh|কণা-মাকৰিটোৱেও|৩৮|কণী-বিহৰ}} | বেচ্ দি আনৰপৰা কোনো বস্তু লোৱা, মুৰ্খতা-দোষত অতিৰিক্ত
বানচ দি কোনো কাৰ্য্য কৰোৱা, to work at a loss.
'''কণা মাকৰিটোৱেও গম নোপোৱা'''—ক্ৰি, নিজে কোৱা কথা নিজৰ কাণৰ
ভিতৰত থকা কণা-মাকৰিটোৱেও নুশুনাকৈ থকা অৰ্থাৎ কোনো
কথা অতি গুপ্তভাৱে থোৱা, to keep anything as a secret
with utmost care.
'''কণা হাঁহক পতান দি ভুৰুকিওৱা'''—... | VALIDATED | ||
পৃষ্ঠা:A Dictionary Of Phrases From Assamese To Assamese And English.djvu/৪৯ | {{rh|কণী-লগা|৩৯|কথা}} | '''কণী-লগা ভুকু'''—বিং, কণী-লগা মাছ ডাঙ্গৰ বুজায়। এতেকে,—ডাঙ্গৰ ভুকু,
a heavy blow with the fist.
'''কতীয়া মাছ'''—ক্ৰি, (কতীয়া মাহ =কাতি-মাহ। ) কাতি-মাহৰ পৰা দিন চুটি
হবলৈ আৰম্ভ কৰে। এতেকে,—চুটি মাহ, a short month.
'''কথা কলেই জগৰ লগা'''—ক্ৰি,—দুষ্কাৰ্য্য কৰিলে জগৰ নালাগে, কিন্তু সেই কথা
যদি কোনোৱে কয় অৰ্থাৎ প্ৰক... | VALIDATED | ||
পৃষ্ঠা:A Dictionary Of Phrases From Assamese To Assamese And English.djvu/৫০ | {{rh|কথা|৪০|কথাৰ}} | যায় বোলা হৈছে। এতেকে,—কোনো কথা অতি শীঘ্ৰে চাৰিও
পোনে প্ৰচাৰিত হৈ পৰা, the circulating of a news far
and wide.
'''কথা বুলিলে বতাহ বলা'''—ক্ৰি, মুখৰপৰা বতাহ ওলালেই কথাৰ উৎপত্তি হয়।
কাজে কাজেই সেই কথা বতাহৰ লগতে উড়ে। এতেকে,—কথা
শীঘ্ৰে ৰাষ্ট্ৰ হোৱা, the running out into the world of a
fact spoken out as waves of air i... | VALIDATED | ||
পৃষ্ঠা:A Dictionary Of Phrases From Assamese To Assamese And English.djvu/৫১ | {{rh|কথাৰ|৪১|কন্যাকাল}} | কথা কোৱাৰ ভাও কৰি, on the pretext of speaking on
an ordinary topic.
'''কথাৰ ধাৰ'''—বিং, নৈৰ পানী সকলো পোনে সমানে চলি নাযায়। যি পোনে
সোঁত প্ৰবলভাৱে চলে, তাকে পানীৰ ধাৰ বোলে। নৈৰে সৈতে
কথাৰ তুলনা কৰা হৈছে। এতেকে,—কথাৰ মুখ্য গতি, the drift
of a statement.
'''কথাৰ মাত'''–বিং, (মাত=প্ৰকাশ। ) কোনো এক ৰকমে কথাৰ প্ৰকাশ,
any... | VALIDATED | ||
পৃষ্ঠা:A Dictionary Of Phrases From Assamese To Assamese And English.djvu/৫২ | {{rh|কন্যা খোজ|৪২|কৰাই}} | তিৰোতাৰ প্ৰথম ঋতু-স্নান হোৱা, to attain puberty, (said
of a girl.)
'''কন্যা-খোজ দিয়া'''—ক্ৰি, কন্যাৰ নিচিনাকৈ খোজ চলোৱা অৰ্থাৎ অতি লাহে লাহে
খোজ কঢ়া, to walk too slowly.
'''কন্যা-দানৰ ভোজ'''—বিং, বিয়াৰ পিচত কন্যা-দানৰ ভোজ দিয়া হয়। সেই ভোজ
ডাঙ্গৰকৈ পতা হয়। এতেকে,—ডাঙ্গৰ ভোজ, a grand feast.
'''কপাল-ফুটা'''—বিণ, ... | VALIDATED | ||
পৃষ্ঠা:A Dictionary Of Phrases From Assamese To Assamese And English.djvu/৫৩ | {{rh|কৰি|৪৩|কল-পুলিৰে}} | '''কৰি খোৱা মানুহ'''—বিং, [ বন কৰি খোৱা মানুহ ] শাৰীৰিক পৰিশ্ৰমৰ দ্বাৰা
জীবিকা উপাৰ্জ্জনকাৰী মানুহ, শ্ৰমজীবী মানুহ, one who
earns a livelihood by manuual labour.
'''কৰিয়াই-কপিয়াই উঠা''',—ক্ৰি, [ কাহ কফ লৈয়েই উঠা ] কাহ আৰু কফ ৰোগত
পৰি থাকি আৰোগ্য লাভ কৰিছে, কিন্তু কাহ আৰু কফ
সাৱশেষকৈ গুচা নাই, কাহ আৰু কফ লৈয়েই লৰিব... | VALIDATED | ||
পৃষ্ঠা:A Dictionary Of Phrases From Assamese To Assamese And English.djvu/৫৪ | {{rh|কলগ্ৰহ|৪৪|কলিয়াপানীত}} | '''কলগ্ৰহ হোৱা'''—ক্ৰি, [ গলগ্ৰহ হোৱা ] (গলগ্ৰহ=যাক গলত এহণ কৰা
হয় সি, ডিঙ্গিত আঁৰি লোৱা ভাৰ। ) এই বচনত আন এটা অৰ্থ
নিহিত আছে :- যাক কলৰ দৰে গ্ৰহণ কৰা হয় অৰ্থাৎ ডিঙ্গিৰ নেলুত
লগাই লোৱা হয় সি, খাওঁতে ডিঙ্গিত লাগি ধৰা বস্তু, যাক গিলিবও
নোৱাৰি উলিয়াবও নোৱাৰি তেনে বস্তু। এতেকে,—এবিধ ধৰিব
নোৱৰা-স্বৰূপ হোৱা, to adhore as... | VALIDATED | ||
পৃষ্ঠা:A Dictionary Of Phrases From Assamese To Assamese And English.djvu/৫৫ | {{rh|কলী|৪৫|কাউৰীয়ে}} | '''কলী ফেঁচী'''—বিং, ফেঁচা দেখিবলৈ অশুৱনী আৰু ক’লা। এতেকে,—আগঢ়ী
কলী তিৰোতা, an ugly dark-complexioned woman.
'''কলৈ যাওঁ গোপাল কলৈ যাওঁ কৃপাল লগোৱা'''—ক্ৰি, হে গোপাল মই কলৈ যাওঁ হে
কৃপাল মই কলৈ যাওঁ এনে কথা কোৱা অৰ্থাৎ বিতত হোৱা, to be
at one's wit's end.
'''কল্পতৰু বৃক্ষ'''—বিং, কল্পতৰু বৃক্ষ স্বৰ্গত আছে। যেয়ে যি ... | VALIDATED | ||
পৃষ্ঠা:A Dictionary Of Phrases From Assamese To Assamese And English.djvu/৫৬ | {{rh|কাকতী-ফড়িং|৪৬|কাঠৰ}} | শগুনেও নোখোৱা হয়। এতেকে,—নিচেই অৱস্থাহীন, অতি দুৰ্দ্দশা
গ্ৰস্ত, সমূলি উপায়ৰহিত, extremely wretched.
'''কাকতী-ফড়িং পৰা'''—ক্ৰি, যি পথাৰত কাকতী-ফড়িং পৰে, তাৰ শষ্য খাই সমূলি
নষ্ট কৰে। এতেকে,—সমূলি নষ্ট হোৱা, to be blasted, to be
devastated.
'''কাচনমতি বাই'''—বিং, [কাঞ্চনময়ী বাই ] সোণৰ নিচিনা তিৰোতা, ৰূপহী
তিৰোতা, a... | VALIDATED | ||
পৃষ্ঠা:A Dictionary Of Phrases From Assamese To Assamese And English.djvu/৫৭ | {{rh|কাঠৰ|৪৭|কাণ}} | চৰিব নোখোজা এলেহুৱা মানুহ, a too lazy person.
'''কাঠৰ পুতলা'''—বিং, কাঠৰ পুতলাই নিজে একো কৰিব নোৱাৰে। মানুহে যেনেকৈ
নচুৱায় সি তেনেকৈ নাচে। এতেকে,—সৰ্ব্বতোভাৱে পৰৰ দ্ৱাৰা
পৰিচালিত মানুহ, a puppet, a doll, one who is entirely
led by others.
'''কাঠৰ মূঢ়া'''—বিং, মুঢ়াটো বহি থকা মানুহৰ নিচিনা দেখি। বাঁহ আদিৰ মূঢ়া
বেগত... | VALIDATED | ||
পৃষ্ঠা:A Dictionary Of Phrases From Assamese To Assamese And English.djvu/৫৮ | {{rh|কাণ|৪৮|কাণে}} | '''কাণ দুখন কাটি ভোৰ-তাল বজোৱা'''—ক্ৰি, কাণখন দেখিবলৈ তালৰ নিচিনা।
কাণ দুখন কাটি তাকে ভোৰ-তাল কৰি বজোৱা হয় বোলা হৈছে।
এতেকে,—উগ্ৰ দণ্ড দিয়া, to punish severely.
'''কাণ পতা'''—ক্ৰি, কোনো কথা ভালকৈ শুনিবলৈ হলে যি পোনৰপৰা কথা আহে
সেই পোনে কাণখন পাতি দিয়া হয়। এতেকে,—সাৱধানে শুনা,
to hear attentively.
'''কাণ মূৰ কাট... | VALIDATED | ||
পৃষ্ঠা:A Dictionary Of Phrases From Assamese To Assamese And English.djvu/৫৯ | {{rh|কাণে-মূৰে|৪৯|কান্দিলে}} | অৰ্থাৎ গেন্গেনীয়া হয়। এতেকে,—অতি দুৰ্ব্বল হোৱা, to
become too weak.
'''কাণে-মূৰে খাই মৰা'''—ক্ৰি, মূৰত সৰহকৈ ওকণী হলে কাণে-মূৰে বগাই কামুৰি
আহুকাল কৰে। এতেকে,—জুমুৰি দি ধৰি আহুকাল কৰা, বৰকৈ
দিগ্ কৰা , to annoy excessively.
'''কাণত ঠিলা মৰা'''—ক্ৰি, কাণৰ বাট ঠিলাৰে মাৰিলে কথা শুনা নাযায়। এতেকে,—
নুশুনা, to turn a... | VALIDATED | ||
পৃষ্ঠা:A Dictionary Of Phrases From Assamese To Assamese And English.djvu/৬০ | {{rh|কান্দোনত|৫০|কাপে}} |
'''কান্দোনত গছৰ পাত সৰুওৱা'''—ক্ৰি, যদি কোনো মানুহক অৰণ্যত নিৰ্ব্বাসিত কৰা
হয়, তেনেহলে সেই মানুহৰ কান্দোনত সহানুভূতি দেখুৱাবলৈ গছ
গছনিত বাজে আন কোনো নাথাকে। এই স্থলত কোৱা হৈছে যে
তাৰ কান্দোন এনে মৰ্ম্মভেদী যে গছে নিজে ওচৰলৈ আহিব
নোৱাৰি পাত সৰুৱাই তাৰ দ্বাৰা ওচৰলৈ আহি সহানুভূতি দেখুৱায়।
এতেকে,—অতি বেজাৰেৰে টানকৈ কন্... | VALIDATED | ||
পৃষ্ঠা:A Dictionary Of Phrases From Assamese To Assamese And English.djvu/৬১ | {{rh|কাৰ্য্যৰ|৫১|কালৰ}} | কাপৰ দ্বাৰা মাৰাত্মক অনিষ্ট হোৱা, to be seriously harmed
by the use of the pen.
কাৰ্য্যৰ ভাৱ বুজ—ক্ৰি, যি কাৰ্য্য যি ভাৱেৰে কৰিলে স্বাৰ্থ সিদ্ধিৰ সুচল হয়, সেই
কাৰ্য্য সেই ভাৱেৰে কৰিবলৈ বুদ্ধি পোৱা; কাৰ্য্যৰ ধাৰা বুজা, to
know how to do a particular thing is a particular
way.
কাৰ দিন কাৰ ৰাতি—বিং, [ কাৰো দিন কাৰো ৰাত... | VALIDATED | ||
পৃষ্ঠা:A Dictionary Of Phrases From Assamese To Assamese And English.djvu/৬২ | {{rh|কালৰ|৫২|কিহবাই}} | হয় যে সেই কাৰ্য্য কালৰ অৰ্থাৎ যুগৰ প্ৰকৃতিগত গুণৰ দ্বাৰা
উৎপাদিত। এতেকে,—কালোচিত আপদীয়া কাৰ্য্য অৰ্থাৎ ডাঙ্গৰ
অমঙ্গল, a momentous evil.
কালৰ কুটিল গতি—বিং, কালৰ বেঁকা-বেঁকি গতি অৰ্থাৎ ভাগ্যৰ চঞ্চলতা, the
vicissitudes of fortune.
কাললৈ কথা ৰোৱা—ক্ৰি, [ চিৰকাললৈ কথা ৰোৱা ] চিৰকালৰ নিমিত্তে
কলঙ্ক থকা, the lasting of a... | VALIDATED | ||
পৃষ্ঠা:A Dictionary Of Phrases From Assamese To Assamese And English.djvu/৬৩ | {{rh|কীল-খোৱা|৫৩|কুকুৰে}} | দেওৱে পালে অৰ্থাৎ গাত আহি লম্ভিলে নিজৰ ওপৰত নিজৰ আয়ত্ব
নাথাকে। এতেকে,—নিজৰ ওপৰত নিজৰ আয়ত্ব হেৰুওৱা, to be
out of oneself, to lose control over self.
কীল-খোৱা—বিণ, বৰকৈ দুষ্টালি কৰি ফুৰিলে যে কীল খাব লাগে।
এতেকে,—মহাদুষ্ট, very wicked.
কীলৰ খাৰ খোৱা—ক্ৰি, কল গছ, ফুট-ছাই, পূনি ইত্যাদিৰ দ্বাৰা খাৰ প্ৰস্তুত হয়।
চহা ... | VALIDATED | ||
পৃষ্ঠা:A Dictionary Of Phrases From Assamese To Assamese And English.djvu/৬৪ | {{rh|কুকুৰে|৫৪|কুঠৰে-চিৰী}} | স্থলত এনেৰূপে তাক অত্যাচাৰ কৰে বোলা হৈছে যে সি যদিও
কাঁইট দেখিলে লোভ সামৰিব নোৱাৰে, তথাপি সি কাঁইট খাবলৈ
এৰি দি পলাই যায়। (কুকুৰৰ সম্বন্ধীয় বচন নি মানুহত খটোৱা
হৈছে) to ill-treat a person savagely.
'''কুকুৰে কামোৰা, ছৱালে দলিওৱা'''—ক্ৰি, পূৰা বাক্য—“দুখৰ উপৰি, দুখ পাৰ্ব্বতী,
দুখৰ উপৰি দুখ। কুকুৰে কামোৰে, ছৱালে দলিয়... | VALIDATED | ||
পৃষ্ঠা:A Dictionary Of Phrases From Assamese To Assamese And English.djvu/৬৫ | {{rh|কুন্দত|৫৫|কুলাৰ}} | হয়। এতেকে,—ঘোৰ অপৰাধিনী। ( গালিৰ মাত), sinful,
(a term of reproach, applied to a woman).
'''কুন্দত কটা'''—বিণ, কুন্দ-শালত কোনো বস্তু কাটিলে সি দেখিবলৈ ধুনীয়া হয়।
এতেকে,—ধুনীয়া, well-shaped, beautiful.
'''কুমলীয়া এদা পাই ভৰিত মোহাৰি খোৱা'''—ক্ৰি, বুঢ়া এদাৰ জাল টান, আৰু তাৰ
ছাল ডাঠ। তাৰ ছাল কটাৰিৰে কাটিব লাগে আৰ... | VALIDATED | ||
পৃষ্ঠা:A Dictionary Of Phrases From Assamese To Assamese And English.djvu/৬৬ | {{rh|কুশ|৫৬|কেহেলি-কেন্দেলিকৈ}} | গোটা চাউলতকৈ ভাল। এতেকে,—বেয়া বুলি বুজোৱা ভাল বস্তু,
a thing which is really good but interpreted as bad
with a sinister motive.
'''কুশ ছিঙ্গি দিয়া'''—ক্ৰি, বিয়াত ছোৱালী উলিয়াই দিলে কুশ ছিঙ্গি দিয়া হয়, অৰ্থাৎ
সেই দিন ধৰি ছোৱালীয়ে বাপেকৰ গোত্ৰ এৰি গিৰিয়েকৰ গোত্ৰ
পায়। এতেকে,—সমূলি সম্পৰ্ক নাৰাখি দান কৰা, to giv... | VALIDATED | ||
পৃষ্ঠা:A Dictionary Of Phrases From Assamese To Assamese And English.djvu/৬৭ | {{rh|কোটকোৰা|৫৭|কৌৰৱৰ}} | এতেকে,অতি লাহে লাহে যোৱা, অনিচ্ছাবশতঃ যোৱা, to walk
leisurely.
'''কোটকোৰা কাঁইটে ফুটা'''—ক্ৰি, খোচা-বিন্ধা কৰাৰ দৰে অসুবিধা ভোগ কৰা,
আহুকাল পোৱা, to be annoyed greatly।
'''কোমল-ধুন্দুলি'''—বিং, ধুন্দুলি নিচেই কোমল। এতেকে,—সুকোমল মানুহ,
an extremely delicate person.
'''কোৰ মতা'''—ক্ৰি, যি যি দূষণীয় কাৰ্য্য কৰিলে ম... | VALIDATED | ||
পৃষ্ঠা:A Dictionary Of Phrases From Assamese To Assamese And English.djvu/৬৮ | {{rh|ক্ৰিয়া|৫৮|খুঁটি}} | '''ক্ৰিয়া ধৰা'''—ক্ৰি, [ ক্ৰিয়া কৰিবলৈ ব্ৰত ধৰা ] শ্ৰাদ্ধাদি ক্ৰিয়া কৰিবৰ নিমিত্তে ব্ৰত
পালন কৰা, to observe fasting on account of a religious
ceremony.
'''ক্ৰিয়াহীন বামুণ'''—বিং, বামুণ ক্ৰিয়া-কাণ্ডহীন হলে ভ্ৰষ্ট হয়। এতেকে,—
অনাচাৰী বামুণ, a degenerate Brahmin.
{{center|{{Xxxx-larger|খ। }}}}
'''খঁৰা দা জোকৰ... | VALIDATED | ||
পৃষ্ঠা:A Dictionary Of Phrases From Assamese To Assamese And English.djvu/৬৯ | {{rh|খুঁটি|৫৯|খং}} | hood.
'''খুঁটি পুতি উজুটি খোৱা'''—ক্ৰি [ আপনি খুঁটি পুতি আপুনি উজুটি খোৱা ]
মাটিত খুঁটি পোতা থাকিলে খুঁটিত ভৰি লাগি উজুটি খোৱা হয়।
এতেকে,—আপোনাৰ কাৰ্য্যৰ দ্বাৰা আপুনি ঘাটি খোৱা, to be
adversely affected by one's own conduct.'
'''খুঁটিয়া-খুঁটি লগা'''—ক্ৰি, চৰাইবিলাকে ইটোৱে-সিটোৱে ঠোঁটেৰে যুঁটিয়া-খুঁটি কৰে।
এতেকে-... | VALIDATED | ||
পৃষ্ঠা:A Dictionary Of Phrases From Assamese To Assamese And English.djvu/৭০ | {{rh|খঙ্গত|৬০|খঙ্গে}} | হটি যোৱা সেনাই এনেৰূপ আচৰণ কৰে এই ভাব বুজায়।
এতেকে,-বলী শত্ৰুক অপকাৰ কৰিব নোৱাৰি নিৰপৰাধী দুৰ্ব্বল
মানুহক অপকাৰ কৰি ক্ৰোধ প্ৰকাশ কৰা, to take revenge on a
weak person for an injury done by another who is
too powerful.
'''খঙ্গত আপোনাৰ মঙ্গহ আপুনি খোৱা'''—ক্ৰি, অতিপাত খং উঠিলে কাকো একো
অপকাৰ কৰিব নোৱাৰিলে কোনো কোনো মা... | VALIDATED | ||
পৃষ্ঠা:A Dictionary Of Phrases From Assamese To Assamese And English.djvu/৭১ | {{rh|খজুৱতি|৬১|খৰি-ভাৰী}} | '''খজুৱতি উঠা'''—ক্ৰি, গাৰ খজুৱতি উঠিলে উচ্পিচ্ লাগে। এতেকে,—উচ্পিচ্
লগা, to be impatient to do anything.
'''খত-বান্ধ দি ধৰা'''-ক্ৰি, [খতেৰে বান্ধ দি ধৰা] খত =দলিল। যাতে কথা
লুটিয়াব নোৱাৰে সেই মতে দলিলত লিখি কথা বান্ধি দিবলৈ টানি
লোৱা, বৰকৈ {{SIC|তাগিদ}} কৰা, to bind by written agreement,
to demand peremptorily.
... | VALIDATED | ||
পৃষ্ঠা:A Dictionary Of Phrases From Assamese To Assamese And English.djvu/৭২ | {{rh|খৰ্ব্ব-নিখৰ্ব্ব|৬২|খাইমূৰা}} | এতেকে,—টোকোনা মানুহ, a pauper.
'''খৰ্ব্ব-নিখৰ্ব্ব'''-বিণ, খৰ+বৰ। সংখ্যা-বাচক খৰ্ব্ব শব্দৰ পাচত নিখৰ্ব্ব শব্দ
আছে বাবে এই স্থলত নিখৰ্ব্ব শব্দ যোজিত হৈছে। তাৰ বেলেগ
অৰ্থ নাই। এতেকে,—বৰ চোকা, very smart.
'''খলি পোত'''—ক্ৰি, খলি=খুলি বা খোলা, কোনো কাৰ্য্যৰ নিমিত্তে নিৰ্দিষ্ট স্থান-
বিশেষ। পোতা =পুতি লোৱা, শিপাই লোৱা, এৰি... | VALIDATED | ||
পৃষ্ঠা:A Dictionary Of Phrases From Assamese To Assamese And English.djvu/৭৩ | {{rh|খাওঁ|৬৩|খাম}} | '''খাওঁ খাওঁ মুৰ্ত্তি'''-বিং, [ খাওঁ খাওঁ কৰা মুৰ্ত্তি ] অতি আকলুৱা মানুহ; বৰ
খঙ্গাল মানুহ, a gourmand; a furious person.
'''খাটনিক লোটনি বোলা'''—ক্ৰি, খাটনি আৰু লোটনি এই দুই শব্দ সমাৰ্থক বোলা
হৈছে, কিয়নো ডকাইতে লুটিলে যেনেকৈ মানুহ সৰ্ব্বস্বান্ত হয়, খাটনি
ধৰিব জনা মানুহে খাটনি ধৰিলেও সেইৰূপে সৰ্ব্বস্বান্ত হয়, অৰ্থা... | VALIDATED | ||
পৃষ্ঠা:A Dictionary Of Phrases From Assamese To Assamese And English.djvu/৭৪ | {{rh|খাৰ|৬৪|খুদ}} | ভালমতে ভাত খাম আৰু ভালমতে কাপোৰ লম অথাৎ সুখ-
স্বচ্ছন্দতা উপভোগ কৰিম এই আশা লৈ জীৱনধাৰণ কৰা, to live
with the hope of enjoying pleasure.
'''খাৰ কঢ়া জিবা'''—বিং, ঘৰুৱা কাপোৰ খাৰ কাঢ়িলে হে পিন্ধিব পৰা যায়। জিবাক
কাপোৰেৰে তুলনা কৰা হৈছে। এতেকে,—শিষ্টালাপী জিবা, a
polished tongue.
'''খাৰখোৱা জিবা'''—বিং, চহা মানুহে খাৰ... | VALIDATED | ||
পৃষ্ঠা:A Dictionary Of Phrases From Assamese To Assamese And English.djvu/৭৫ | {{rh|খেও|৬৫|খোপ}} | {{rh||৯|}} | খুদ্-চাউল মাগি আনি তাকে ৰান্ধি ভাত খায়। এতেকে,—অতি
টোকোনা, impocunious.
'''খেও খোৱা''' --ক্ৰি, জালোৱাই পানীত খেৱালি জাল মাৰি মাছ ধৰে। জাল নিয়মিত-
ৰূপে চাৰিও পোনে সমানে মেল থাই পৰাকে ‘খেও খোৱা’ বোলে।
খেও খালে খেওৰ ভিতৰত পৰা মাছ সাৰি যাব নোৱাৰে। এতেকে-
কোনো কথা বা কাৰ্য্য যেনে-স্বৰূপ হব লাগে তেনে-স্বৰূপ হৈ পৰা,
মিলি... | VALIDATED | |
পৃষ্ঠা:A Dictionary Of Phrases From Assamese To Assamese And English.djvu/৭৬ | {{rh|খোৰ|৬৬|গছত}} | '''খোৰ লোৱা'''—ক্ৰি, (’খোৰ’ আৰু ’খোৰোং’ সম্পৰ্কীয় শব্দ। ) থকা ঠাই লোৱা,
to take abode in expectation of gains (used in a
depreciative sense).
'''খোৰাৰ খোজে'''-পতি অপৰাধ ধৰা—ক্ৰি, যি খোৰা নাম পাইছে সি এবেলি
দুবেলি ভালৰূপে খোজ পেলালেও মানুহে তাৰ খোজত দোষ হে
দেখে। এতেকে,— যাৰ দিন মন্দ হয় তাৰ সকলো কাৰ্য্যকে মানুহে
বেয়া... | VALIDATED | ||
পৃষ্ঠা:A Dictionary Of Phrases From Assamese To Assamese And English.djvu/৭৭ | {{rh|গছত|৬৭|গণিতা|}} | থাকোঁতেই অৰ্থাৎ তাক নৌ পাৰোঁতেই ওঁঠত তেল ঘঁহা হয়।
এতেকে,—কোনো কাৰ্য্য শেষ হোৱাৰ পূৰ্ব্বেই তাৰ ফললাভ হল বুলি
জ্ঞান কৰি তদনুযায়ী চলা to count on the result of a work
before it is actually finished.
'''গছত তুলি গুৰি কটা'''--ক্ৰি, ছল কৰি গছত তুলি পাচত গুৰি কাটি দিলে গছ পৰি
যায়, লগতে গছৰ ওপৰত থকা মানুহো পৰে। এতেকে,—বিশ... | VALIDATED | ||
পৃষ্ঠা:A Dictionary Of Phrases From Assamese To Assamese And English.djvu/৭৮ | {{rh|গতি|৬৮|গৰগঞা}} | '''গতি লগা'''—ক্ৰি, ভাল গতি লগা। বিদ্ৰুপাৰ্থত ব্যবহৃত হয়। এতেকে,—
অৱস্থা কোনো বিষয়ে বেয়া হোৱা, to be settled (used iron-
ically), hence, to be unsettled, to be done for.
'''গতি হোৱা'''—ক্ৰি, স্বৰ্গলৈ গতি হোৱা অৰ্থাৎ মৰণ হোৱা, to be dead.
'''গধূলি সাত হাল বোৱা'''—ক্ৰি, গধুলি মনত পাতে যে পিচ দিনা সাতখন হাল
বাব, কিন্... | VALIDATED | ||
পৃষ্ঠা:A Dictionary Of Phrases From Assamese To Assamese And English.djvu/৭৯ | {{rh|গৰগাঁওৰ|৬৯|গৰুচোৰৰ}} | নাওত উঠিলে গৰগঞা মিতিৰে মুখেৰে মৰম বুজাই কয় ‘মিতিৰ,
আজি নাযাবা, থাকাঁচোন’ কিন্তু ইফালে গম ধৰিব নোৱৰাকৈ ভৰিৰে
নাওখন হেঁচি দিয়ে। নাও গৈ পানীৰ ধাৰত পৰিলে তাক আৰু
ৰাখিব পৰা নাযায়। এতেকে,—কপটীয়া বন্ধু, an insincere
friend.
'''গৰগাওঁৰ কথা শুনি তল যোৱা'''—ক্ৰি, আসামৰ ৰাজধানী গৰগাওঁ এনে চমৎ-
কাৰ নগৰ আছিল যে তাৰ কথা শুনিলে... | VALIDATED | ||
পৃষ্ঠা:A Dictionary Of Phrases From Assamese To Assamese And English.djvu/৮০ | {{rh|গৰু-বিচৰা|৭০|গলৰ}} | অসাৰ্থক কাৰ্য্য, an infructuous action.
'''গৰু-বিচৰা দিয়া'''—ক্ৰি, খেতিয়ক মানুহৰ পক্ষে গৰু সৰ্ব্বপ্ৰধান সম্পত্তি। গৰু
হেৰালে সিহঁতে বিচাৰিবলৈ কোনো ঠাই বাকি নথয়। এতেকে,—
হেবাথুৰি খাই বিচাৰি ফুৰা, to make a labourious search.
'''গৰু মৰা, পোক সৰা'''—ক্ৰি , গৰুৰ ঘা হলে পোকে গৰুৰ লগ লাগে। পোকে ঘা
বহলাই নি শেহন্তত গৰুটো... | VALIDATED | ||
পৃষ্ঠা:A Dictionary Of Phrases From Assamese To Assamese And English.djvu/৮১ | {{rh|গলধন|৭১|গা}} | '''গলধন ধৰা'''—বিণ, যেতিয়া ম’হৰ গলধন ধৰে, তেতিয়া সি যুঁজিবলৈ বিচাৰি ফুৰে।
এতেকে,—যুজাৰু, (ব্যঙ্গাৰ্থ) a fighter, a bully(used ironically).
'''গলধনৰ গাগৰি'''—বিং, ( গাগৰি=গেঙ্গেৰি, কথালৈ টেলাই নকৰা ভাবপ্ৰকাশ। )
প্ৰবাদ আছে যে গাগৰিৰ স্থান মানুহৰ গলধন। যাৰ গলধন ডাঙ্গৰ,
তাৰ গাগৰি ডাঙ্গৰ অৰ্থাৎ ভেম বেছি। গলধনত ভুকুৱাই দ... | VALIDATED | ||
পৃষ্ঠা:A Dictionary Of Phrases From Assamese To Assamese And English.djvu/৮২ | {{rh|গা|৭২|গা}} | stream, to abstain from exerting oneself in anything.
'''গা কৰা'''—ক্ৰি, [ গাৰ নিচিনা কৰা ] মানুহৰ গাৰ নিচিনা দেখা পোৱা অৱস্থা
কৰা, শৰীৰৰ অৱস্থা আগতকৈ ভাল কৰা, to rocoup health.
'''গা কুটকুটোৱা'''—ক্ৰি, একে ঠাৰেৰে বহি থাকিলে গা, কুটকুটায়। এতেকে,—
কোনো কাৰ্য্য কৰিবৰ নিমিত্তে উচ্পিচ্ লগা, to be impatient
to do anyth... | VALIDATED | ||
পৃষ্ঠা:A Dictionary Of Phrases From Assamese To Assamese And English.djvu/৮৩ | {{rh|গা|৭৩|গা-ভাৰী}} | {{rh||১০|}} | তিৰোতাৰ গৰ্ভ বাহিৰৰপৰা বুজিব পৰাকৈ ডাঙ্গৰ হোৱা, to be big
with child.
'''গা টঙ্গোৱা'''—ক্ৰি, [গা টান হোৱা] ‘টঙ্গোৱা' ক্ৰিয়া প্ৰকৃততে অকৰ্ম্মক। কিন্তু
মূল হেৰাই পিচত সকৰ্ম্মক-স্বৰূপে ব্যবহৃত হল। মানুহৰ গা ৰোগত
পৰি থাকিলে লেওসেও হয়। ৰোগ ভাল হলে গা টান হয়।
এতেকে,—ৰোগৰপৰা মুক্তি পাই কিছু সুস্থ সবল হোৱা। তাৰ-
পৰা,—আৰ্থ... | VALIDATED | |
পৃষ্ঠা:A Dictionary Of Phrases From Assamese To Assamese And English.djvu/৮৪ | {{rh|গা|৭৪|গা}} | '''গা ভাল হোৱা'''—ক্ৰি, তিৰোতাৰ প্ৰসৱ হোৱা, to be delivered of a child.
'''গা-মূৰ ধোৱা'''—ক্ৰি, তিৰোতাই ঋতুৰ পাচত গা আৰু মূৰ ধোৱে। সেইৰূপে
শুচি হোৱাৰ পাচত পতি-সঙ্গম হয়। এতেকে,—to conceive
child in the womb.
'''গা যোৱা'''—ক্ৰি, [ গাৰ তেজ যোৱা ] তিৰোতাৰ ৰক্ত স্ৰাৱ হোৱা, to be
affected with haemorrhage ( said of a woma... | VALIDATED | ||
পৃষ্ঠা:A Dictionary Of Phrases From Assamese To Assamese And English.djvu/৮৫ | {{rh|গা|৭৫|গাত}} | (applied to a woman).
'''গা হৈ কোৱা'''—ক্ৰি, নিজে দায়িত্ব গ্ৰহণ কৰি কোৱা; ডাঠি কোৱা, to speak
confidently.
'''গাই গাই লগা, মাত-বোল নোহোৱা'''—, দুজন মানুহে গাই গাই লাগি থাকে,
তথাপি সিহঁতৰ ভিতৰত মাত-বোল নাই বোলা হৈছে। এতেকে,—
নিচেই ওচৰ-চুবুৰীয়া মানুহেৰে মিলা-প্ৰীতি নথকা, the living of
too close neighbours on terms of... | VALIDATED | ||
পৃষ্ঠা:A Dictionary Of Phrases From Assamese To Assamese And English.djvu/৮৬ | {{rh|গাত|৭৬|গাৰ}} | '''গাত বিহ লগা'''—ক্ৰি, বিহ লাগিলে যেনেকৈ গা ছিগি-ভাগি যায়, সেইৰূপে ছিগি-
ভাগি যায় বোলা হৈছে। এতেকে,—বেজাৰত চাটি-ফুটি লগা, to be
highly excited with feelings of grief.
'''গাত বিহু-কাঁড় লগা'''—ক্ৰি, বিষাল কাঁড় গাৰ ভিতৰলৈ সোমালে যেনে লাগে
তেনে লাগে বোলা হৈছে। এতেকে,—বেজাৰত ছাটি-ফুটি কৰ,
to be morbidly affected with ... | VALIDATED | ||
পৃষ্ঠা:A Dictionary Of Phrases From Assamese To Assamese And English.djvu/৮৭ | {{rh|গাৰ|৭৭|গাখীৰতে}} | '''গাৰ নোম নেদেখা পৰ'''—বিং, সাঁজ লাগিলে গাৰ নোম চকুৰে নেদেখা
হয়। এতেকে,— সাঁজলগা বেলি, dusk.
'''গাৰ নোম শত্ৰু হোৱা'''—ক্ৰি, [গাৰ নোম হৈ শত্ৰু হোৱা] অতি আপোন
মানুহেই শত্ৰু হোৱা, to behave like an enemy though
bound by ties of nearest friendship or relationship.
'''গাৰ ফালে পৰ-পালি দিয়া'''—বিণ, ৰোগ টান হলে মানুহে ৰা... | VALIDATED | ||
পৃষ্ঠা:A Dictionary Of Phrases From Assamese To Assamese And English.djvu/৮৮ | {{rh|গাখীৰৰ|৭৮|গাভী}} | super-added pleasure.
'''গাখীৰৰ নামেৰে পানী খোৱা'''—ক্ৰি, গুৱালে গাখীৰ পানী মিহলাই বেচে।
কোনো সময়ত সি ইমানকৈ বেচি পানী মিহলায়, যে সেই গাখীৰ
পানীৰ তুল্য হয়। এই স্থলত কোৱা হৈছে, যে গাখীৰ পানীৰ তুল্য
হলেও, তাক হেঁপাহ কৰি খোৱা যায়। এতেকে,—নাম-মাত্ৰ ভালৰ
সংশ্ৰৱ থকা বস্তুকে পাবলৈ আকাঙ্ক্ষা কৰা, to relish a thing
which ... | VALIDATED | ||
পৃষ্ঠা:A Dictionary Of Phrases From Assamese To Assamese And English.djvu/৮৯ | {{rh|গায়নৰ|৭৯|গালৈ}} | '''গায়নৰ ঘৰৰ কুকুৰে ৰাগ দিয়া'''—ক্ৰি, গায়নৰ গীত সদায় শুনি থাকি তেওঁৰ
ঘৰৰ সকলোৱে অলপ-অচৰপ গীত জনা হয়। এই স্থলত কোৱা
হৈছে যে আন কি কুকুৰেও ৰাগ দিব জানে অৰ্থাৎ ৰাগ টানি গীত
গাব জানে। এতেকে,—যি মানুহে কোনো বিদ্যা জানে তেওঁৰ
ঘৰৰ সকলোৱে সেই বিদ্যাৰ বিষয়ে অলপ-অচৰপ জনা, the
knowing of something of the master’s craft by e... | VALIDATED | ||
পৃষ্ঠা:A Dictionary Of Phrases From Assamese To Assamese And English.djvu/৯০ | {{rh|গাহৰি-গঁড়াল|৮০|গুৰুলা}} | '''গাহৰি-গঁড়াল'''—বিং, গাহৰিৰ গঁড়াল অতি লেতেৰা। এতেকে,—জঘন্য বাসস্থান,
a nasty dwelling-place.
'''গুড় চেলেকোৱা'''—ক্ৰি, কেঁচুৱা লৰাক যেয়ে গুড় চেলেকায়, সি তাৰে লগতে যায়। এতেকে,—ফুচুলোৱা, to entice, allure, tempt.
'''গুণ টনা'''—ক্ৰি, বৰ নাও কোনো নৈত উজাই নিওঁতে গুণ টানি নিয়ে। এতেকে,—প্ৰাণ-কাতৰে বল দিয়া, to exe... | VALIDATED | ||
পৃষ্ঠা:A Dictionary Of Phrases From Assamese To Assamese And English.djvu/৯১ | {{rh|গু{{বঙালী ৰু}}-ভকতৰ|৮১|গেলা}} | {{gap}}{{gap}}১১ | blows.
গুৰু-ভকতৰ আঁৰ হোৱা—ক্ৰি, কোনো মানুহ মৰিলে সি গুৰু আৰু ভকতৰ আঁৰ হয় অৰ্থাৎ তেওঁবিলাকে তাক সংসাৰত আ{{বঙালী ৰু}} দেখিবলৈ নাপায়। এতেকে,— মৃত্যুপ্ৰাপ্ত হোৱা, to die.
গুলিটোৰ দৰে যোৱা—ক্ৰি, হিলৈৰ গুলি অতি বেগেৰে যায়। এতেকে,—অতি বেগেৰে যোৱা, to travel with utmost rapidity.
গুৱাল-গালি পৰা—ক্ৰি, গুৱালবিলাকে মহ গৰু চ... | VALIDATED | |
পৃষ্ঠা:A Dictionary Of Phrases From Assamese To Assamese And English.djvu/৯২ | {{rh|গেলাত|৮২|গোৰ}} | বতৰ, a foul weather.
গেলাত টেঙ্গা দিয়া—ক্ৰি, [ গেলা মাছত টেঙ্গা দিয়া ] গেলা মাছৰ আঞ্জা কৰিবলৈ
হলে তাত টেঙ্গা নিদি জালুক দিয়ে। গেলা মাছৰ আঞ্জাত টেঙ্গা
দিলে, মাছ উৱলি সমূলি অনুপযুক্ত হয়। এতেকে,—কোনো
অপকাৰ কৰি সেই অপকাৰকে গুৰুতৰ কৰা, to aggravate an
injury.
গোট গ{{বঙালী ৰু}}—বিং, [ গোটেই গৰু ] তেনেই গৰু, অৰ্থাৎ জধা,... | VALIDATED | ||
পৃষ্ঠা:A Dictionary Of Phrases From Assamese To Assamese And English.djvu/৯৩ | {{rh|গোৱে|৮৩|গ্ৰাহ}} | গোৱে পোৱে তল যোৱা কথা—বিং, যদি কোনো মানুহৰ গৰুৰে সৈতে তাৰ
পুতেকৰ আস্বাভাবিক সঙ্গম হয়, তেনেহ’লে হিন্দুমতে সেই গৰু আৰু
লৰা দুইও অশুচি হয়। এতেকে,—গুৰুতৰ জগৰীয়া কথা ,
a heinous crime.
গোসাঁনী লম্ভা—বিং, (গোঁসানী=কালী গোসাঁনী। ) কালী গোসাঁনীৰ দ্বাৰা
সমাক্ৰান্ত হোৱা, inspired.
গোহাঁই গাভৰু মানুহ—বিং, আহোম ৰজাৰ দিনত আহোম... | VALIDATED | ||
পৃষ্ঠা:A Dictionary Of Phrases From Assamese To Assamese And English.djvu/৯৪ | {{rh|ঘটা|৮৪|ঘোঁৰাৰ}} | {{center|{{X-larger|ঘ। }}}}
ঘটা লৰোৱা—ক্ৰি [ ঘণ্টা লৰোৱা ] (ঘণ্টা=টিলিঙ্গা। ) টিলিঙ্গা বজাওঁতে বৰকৈ
লৰি থাকে। এতেকে,—কোনো মানুহক খঙ্গেৰে ধৰি জোকাৰ-
পোকাৰ কৰা, to handle a person roughly.
ঘঁৰিয়াল-পৰা দিয়া—ক্ৰি, ঘঁৰিয়াল পানী-জুৱঁলিত দীঘল হৈ পৰি থাকে।
এতেকে,—দীঘল হৈ পৰি থকা, to lie down at full length.
ঘিউঁ-চৰুত হাত... | VALIDATED | ||
পৃষ্ঠা:A Dictionary Of Phrases From Assamese To Assamese And English.djvu/৯৫ | {{rh|ঘনচিৰিকাই|৮৫|ঘৰ-বুঢ়া}} | running; hence, great activities.
ঘনচিৰিকাই ৰাজহাঁহৰ বুলন ধৰা—ক্ৰি, (সাধু-কথা) ঘনচিৰিকাই ৰাজহাঁহৰ
বুলন শিকিবলৈ গৈ ৰাজহাঁহৰ বুলনো শিকিব নোৱাৰিলে, নিজৰ
বুলনো পাহৰিলে। তেতিয়াৰপৰা একো উপায় নাপাই সি
ডেও দি খোজ কাঢ়িবলৈ ধৰিলে। এতেকে,—ইতৰ মানুহে বৰ-
লোকৰ কাৰ্য্য অনুকৰণ কৰা, the aping of a great man by
an insignificant foll... | VALIDATED | ||
পৃষ্ঠা:A Dictionary Of Phrases From Assamese To Assamese And English.djvu/৯৬ | {{rh|ঘৰ-বেৰা|৮৬|ঘেৰ-ঘেৰণি}} | economy of a family.
ঘৰ-বেৰা দিয়া—ক্ৰি, শক্ৰয়ে ঘৰৰ চাৰিও ফালে ঘেৰি ধৰা, ঘৰ আক্ৰমণ কৰা,
to attack a house from all sides.
ঘৰ ভঙ্গা—ক্ৰি, (ঘৰ =গৃহস্থালি। ) গৃহস্থালি নষ্ট কৰা, to ruin a house-
hold.
ঘৰ লোৱা—ক্ৰি, [ ঘৰত থাকিবলৈ লোৱা। ] নতুন ঘৰত প্ৰথম বসতি কৰা, to
make a formal entry into a house.
ঘৰ লোৱা—ক্ৰি, [ ঘৰ ... | VALIDATED | ||
পৃষ্ঠা:A Dictionary Of Phrases From Assamese To Assamese And English.djvu/৯৭ | {{rh|ঘোচামৰ|৮৭|চকু}} | gasp, to respire convulsively.
ঘোচামৰ জৰী—ক্ৰি, [ ঘৰ-স্বামীৰ জৰী ] ঘৈণীয়েকে গিৰিয়েকক জৰীৰে বন্ধাৰ
দৰে বান্ধি থয়। এতেকে,—ঘৈণীয়েক, the householder's teather
i.e. a wife.
ঘোষা ৰত্নাৱলী পঢ়া—ক্ৰি, আগৰ দিনত শ্ৰীমাধৱ দেৱৰ দ্বাৰা ৰচিত নাম-ঘোষা
আৰু ৰত্নাৱলী পুথি যি পঢ়িব পাৰিছিল, তেওঁকে বিদ্বান বোলা
হৈছিল। এতেকে,—ওখ-খাপ... | VALIDATED | ||
পৃষ্ঠা:A Dictionary Of Phrases From Assamese To Assamese And English.djvu/৯৮ | {{rh|চকু|৮৮|চকুৰ}} | চকু পকোৱা—ক্ৰি, খং উঠিলে মানুহে চকু পকাই ধৰে। এতেকে,—খঙ্গাল ভাৱ
ধৰা, খং কৰা, to look on angrily.
চকু ভাঙ্গি চোৱা—ক্ৰি, অতি আগ্ৰহেৰে কোনো পোনে চালে চকু বৰকৈ ঘূৰাই
ভঙ্গাৰ নিচিনা কৰা হয়। এতেকে,—অতি আগ্ৰহেৰে চোৱা, to
look at wistfully.
চকু মেলি চোৱা—ক্ৰি, চকু মুদি থাকিলে কোনো বস্তু দেখা নাযায়, চকু
মেলিলে হে তাক দেখিবলৈ... | VALIDATED | ||
পৃষ্ঠা:A Dictionary Of Phrases From Assamese To Assamese And English.djvu/৯৯ | {{rh|চকুৰে|৮৯|চ’ত}} | {{rh||১২|}} | চকুৰে নেদেখা আৰু কাণেৰে নুশুনা দেশ—বিং, যি দেশৰ চিত্ৰ জীৱন্ত মানুহে
নেদেখে আৰু যি দেশৰ বাক্য জীৱন্ত মানুহে নুশুনে তেনেকুৱা দেশ,
অৰ্থাৎ পৰলোক, the next world.
চকুৱে জুই-আঙ্গনি দেখা—ক্ৰি, [ ‘চকুৰে সৰিয়হ ফুল দেখ’ চোৱাঁ। এই স্থলত,
আঁক-বাঁক চিত্ৰবিলাকক ‘সৰিয়হ-ফুল’ নুবুলি ‘জুই-আঙ্গনি’ বোলা
গৈছে। ]
চকুৱে সৰিয়হ ফুল দেখা—ক... | VALIDATED | |
পৃষ্ঠা:A Dictionary Of Phrases From Assamese To Assamese And English.djvu/১০০ | {{rh|চ’তৰ|৯০|চৰণে}} | to-do people by a party of Brahmin students wander
ing about in the month of Chaitra.
চ’তৰ বিহুলৈ ছমাহ থাকোঁতেই হাত মেলি নচা—ক্ৰি, চ’তৰ বিহুত মানুহে উৰাই-
ঘূৰাই নাচে। এই স্থলত কোৱা হৈছে, যে চ’তৰ বিহুলৈ ছমাহ
থাকোঁতেই, সেই উপলক্ষে এতিয়াই হাত মেলি নাচে। এতেকে,
আনন্দৰ কাৰণ প্ৰকৃততে উপস্থিত নৌ হওঁতে আনন্দপ্ৰকাশ কৰা,
to ex... | VALIDATED | ||
পৃষ্ঠা:A Dictionary Of Phrases From Assamese To Assamese And English.djvu/১০১ | {{rh|চৰাইটি|৯১|চল}} | অৰ্থাৎ ঈষৎ, পৰিমাণ বিভূতিৰ দ্বাৰা ইতৰ মানুহৰ জীৱনউদ্ধাৰ,
কৰিব পাৰে বোলা হৈছে। এতেকে,—যৎসামান্য সাহায্যৰ দ্বাৰা
উদ্ধাৰ কৰা to save one by showing the slightest favour
(said of a great man ).
চৰাইটি হৈ ধানটি খুঁটি নোখাৱা—ক্ৰি, চৰায়ে ধান এটি খুঁটি খালে অতি সামান্য
অপকাৰ হয়। এই স্থলত তেনেকুৱা সামান্য অপকাৰো নকৰে বোলা
হৈ... | VALIDATED | ||
পৃষ্ঠা:A Dictionary Of Phrases From Assamese To Assamese And English.djvu/১০২ | {{rh|চলা|৯২|চাউদাং}} | প্ৰকাশ কৰা, to feel excited by gaining an advan-
tageous position.
চলা জনা পুৰুষ—বিং, যি জনা পুৰুষ চলিল অৰ্থাৎ পৰলোকলৈ গল সেই জনা
পুৰুষ, পৰলোকপ্ৰাপ্তি হোৱা মাহাত্মা পুৰুষ, a great man
who has departed this life.
চহাই বেহ শিকা—ক্ৰি, আগৰ দিনৰ গাওঁৰ চহা মানুহ খেতি কৰিছিল, আৰু
নগৰীয়া মানুহে বেহা কৰিছিল। বেহা ওখ খাপৰ ব্য... | VALIDATED | ||
পৃষ্ঠা:A Dictionary Of Phrases From Assamese To Assamese And English.djvu/১০৩ | {{rh|চাং-পতা|৯৩|চালি-জাৰি}} | চাং-পতা কথা—বিং, মিছাৰ খুটা লগোৱা চাদত স্থাপিত কথা, মিছা গল্প, a
false story.
চাঙ্গত তুলি ধোঁৱা দিয়া—ক্ৰি, কেঁচা কল চাঙ্গৰ ওপৰত তুলি ধোঁৱা দিলে সি শীঘ্ৰে পকে। এতেকে,—যতনেৰে ৰখা, (ব্যঙ্গাৰ্থ ) to maintain
with tender care (used ironically).
চাঙ্গিত উঠা,—ক্ৰি, মানুহ মৰিলে শৱ চাঙ্গিত তুলি মৰি-শালিলৈ নিয়া হয়।
এতেকে,—... | VALIDATED | ||
পৃষ্ঠা:A Dictionary Of Phrases From Assamese To Assamese And English.djvu/১০৪ | {{rh|চালে|৯৪|চিকুণ}} | আমনি কৰা, to molest.
চালে চকু ৰোৱা—বিণ, চাই পঠিয়ালে চকু তাতে ৰৈ থাকে, তাৰপৰা আন
ফাললৈ চকু ঘূৰাব নোৱাৰি। এতেকে,—অতি শুৱনী, fascina-
ting.
চালে পানী কটা—ক্ৰি, [ চালে দি পানী কটা ] কোনো বস্তু অস্ত্ৰৰ দ্বাৰা কাটিলে
সেই বস্তুৰ মাজে দি অস্ত্ৰ সৰকি যায়। এই স্থলত, পানী ঘৰৰ চালৰ
মাজে দি সৰকি যায় বোলা হৈছে। এতেকে,—অতিৰিক্ত ... | VALIDATED | ||
পৃষ্ঠা:A Dictionary Of Phrases From Assamese To Assamese And English.djvu/১০৫ | {{rh|চিকুনাই|৯৫|চিলনী-সাঁতোৰ}} | চিকুণ আছিল। এতেকে,—পৰিষ্কাৰ পৰিচ্ছন্ন মানুহ, a comely,
neat or tidy person.
চিকুনাই কথা কোৱা—ক্ৰি, সাজ-পাৰ পিন্ধাই চিকুণ কৰি কথা কোৱা,
শুনিবলৈ শুৱলা কৰি কথা কোৱা, to speak in a polished
style.
চিঞৰত গগন ফলা—ক্ৰি, বৰকৈ চিঞৰ মাৰিলে শব্দ গৈ গগন লঙ্ঘে। এই
স্থলত চিঞৰ ইমান টান বুলি কোৱা হৈছে, যে তাৰ শব্দ আকাশলৈ
উঠি, আকাশ ফ... | VALIDATED | ||
পৃষ্ঠা:A Dictionary Of Phrases From Assamese To Assamese And English.djvu/১০৬ | {{rh|চিলাই|৯৬|চুঙ্গাৰ}} | আকাশৰ পোনলৈ চকু কৰি সাঁতোৰে। এতেকে চিত হৈ দিয়া
সাঁতোৰ। swimming on one's back.
চিলাই থাপ মৰা—ক্ৰি, (চিলা = চিলনী। ) চিলনীয়ে অকস্মাৎ বস্তু থাপ মাৰি লৈ
যায়। এতেকে,—গম ধৰিব নোৱৰাকৈ অকস্মাৎ কোনো বস্তু অপ-
হৰণ কৰা, to rob one of a thing suddenly.
চিলাই নিয়া কোৱাই নিয়া—ক্ৰি, ( চিলা = চিলনী। কোৱ = কাউৰী। )
চিলনীয়ে আৰু... | VALIDATED | ||
পৃষ্ঠা:A Dictionary Of Phrases From Assamese To Assamese And English.djvu/১০৭ | {{rh|চুঙ্গাৰ|৯৭|চূণৰ}} | {{rh||১৩|}} | experience of the outside world.
চুঙ্গাৰ বাদুলিয়ে ঢোল যেন কণী পৰা—ক্ৰি, চুঙ্গাৰ বাদুলি নিচেই সৰু, কিন্তু তাৰ কণীটো ঢোল যেন অৰ্থাৎ বৰ ডাঙ্গৰ। এতেকে,—সৰু মানুহে ডাঙ্গৰ
কাৰ্য্য কৰা, the doing of a big thing by a small man.
চুঙ্গাৰ ফোঁপত হাত সুমাই থকা—ক্ৰি, কাম-বন কৰিবলৈ হাত লৰাব লাগে।
এই স্থলত কোৱা হৈছে, যে হাত দুখন চ... | VALIDATED | |
পৃষ্ঠা:A Dictionary Of Phrases From Assamese To Assamese And English.djvu/১০৮ | {{rh|চূণৰ|৯৮|চৈধ্য}} | চূণৰ চৰুত হাত দি অহা—ক্ৰি, কন্যাকালৰ সময়ত এটা ঘিঁউৰ চৰু আৰু এটা
চূণৰ চৰু দুটা পাতি ছোৱালীক যেই সেই এটা চৰুত হাত দিবলৈ
কোৱা হয়। ঘিঁউৰ চৰুত হাত পৰিলে সৌভাগ্য আৰু চূণৰ চৰুত
হাত পৰিলে দুৰ্ভাগ্য বুজায়। এতেকে—ভাগ্যহীন হোৱা, to
come with a bad luck.
চেং-চেং ভক্-ভক্—বিং, জুইয়ে পুৰিলে গা চেং চেঙ্গায় আৰু ভক-ভকায়।
সুন্দ... | VALIDATED | ||
পৃষ্ঠা:A Dictionary Of Phrases From Assamese To Assamese And English.djvu/১০৯ | {{rh|চৈধ্য|৯৯|চোৰ}} | by the direst calamity.
চৈধ্য ভুবন দেখা—ক্ৰি, পলাই সাৰিবলৈ ঠাই বিচাৰি গৈ চৈধ্য ভুবন দেখা
হয় বুলি কোৱা হৈছে। এতেকে,—পলাই সাৰিবলৈ তত্-
মত্, নোপোৱা, চুৰ্ত্তি হেৰুওৱা, to be at one's wit's end.
চোং সলোৱা—ক্ৰি, ডাঙ্গৰ কাৰণ নাথাকিলে জন্তুৱে চোং এৰি নাযায়, এই কথাৰ পৰা এই বাক্যৰ উৎপত্তি হৈছে। এতেকে,— কোনো ডাঙ্গৰ
কাৰণৰ নি... | VALIDATED | ||
পৃষ্ঠা:A Dictionary Of Phrases From Assamese To Assamese And English.djvu/১১০ | {{rh|চোৰক|১০০|চোৰে}} | থোৱা স্বত্বেও, সকলো পাহৰি পেপুৱা লাগি ধৰা পৰে। (ওৰ পৰা =
অন্ত পৰা, শেষ হোৱা। ) এতেকে,—দোষী মানুহ সশঙ্কিত
অৱস্থাত থকাৰ নিমিত্তে সহজে ধৰা পৰা, tho apprehending of
a guilty person account of his over-anxieties for
safety.
চোৰক মোৰে পোৱা—ক্ৰি, ‘মোৰ’ এবিধ মূৰ-ফুৰণি ৰোগ। এই শব্দৰ ‘মূৰ’
শব্দেৰে সৈতে সম্পৰ্ক আছে। চোৰে পৰৰ বস্... | VALIDATED | ||
পৃষ্ঠা:A Dictionary Of Phrases From Assamese To Assamese And English.djvu/১১১ | {{rh|চোৰ চাং|১০১|ছাঁটোকে}} | নিলে তাৰ নিমিত্তে সি বেলেগে ভাবন-চিন্তা কৰিব নালাগে।
বাহিৰত ফুৰি ফুৰা মানুহে ভাত-পানী খোৱাৰ দিহাও বাহিৰতে
কৰে ভাত খাবৰ নিমিত্তে নিজ ঘৰলৈ আহিবৰ আৱশ্যকতা নাই। দুষ্ট
মানুহৰ ঘৰলৈ আহিবৰ আৱশ্যকতা নাই, আনকি ভাত খাবৰ নিমিত্তেও
আহিব নালাগে। ‘চোৰে নিয়া’ কথাৰ দ্বাৰা বুজোৱা হৈছে, যে সেই
মানুহটোক লোকে এই দৰে লৈ যায়, অৰ্থাৎ কোনো ... | VALIDATED | ||
পৃষ্ঠা:A Dictionary Of Phrases From Assamese To Assamese And English.djvu/১১২ | {{rh|ছাতে|১০২|ছাল-ছিগা}} | সঁচাসঁচি বাঘ বুলি অমূলক সন্দেহ কৰে। এতেকে,—অমূলক সন্দেহ
কৰা, to entertain unfounded suspicion.
ছাঁতে শুকোৱা, মুঠিতে লুকোৱা—বিণ, মানুহে ৰ’দত শুকায়, কিন্তু এই স্থলত
ছাঁতে শুকায় বোলা হৈছে। ‘মুঠিতে লুকায়’ অৰ্থাৎ কঁকাল মুঠিতে লুকায়,
কঁকালৰ মেৰ মুঠিৰে খামুচি পোৱা যায়। এতেকে, সুকোমল
কৃশ-মধ্যমা, দিপ্লিপ্। ( ছোৱালীত খা... | VALIDATED | ||
পৃষ্ঠা:A Dictionary Of Phrases From Assamese To Assamese And English.djvu/১১৩ | {{rh|ছাল-বাকলি|১০৩|ছোৱা-ছোৱে}} | destitute.
ছাল-বাকলি নাইকিয়া—বিণ, গছৰ ছাল-বাকলি নাথাকিলে লথা হয়।
এতেকে,—লথা, সৰ্ব্বশূন্য, মহা-দৰিদ্ৰ, poverty-stricken.
ছুই নিকিলোৱা—অধিককৈ গালি-শপনি পাৰি কিলোৱাৰ নিচিনা কৰে, কিন্তু
হাতেৰে ছুই নিকিলায়, অৰ্থাৎ ছুই কিলাবলৈ মাথোন বাকি থয় এই
ভাব বুজোৱা হৈছে। এতেকে,—অতিপাত গালি-শপনি পৰা, to
abuse violently.
ছুব নোৱৰ... | VALIDATED | ||
পৃষ্ঠা:A Dictionary Of Phrases From Assamese To Assamese And English.djvu/১১৪ | {{rh|জগত-জননী|১০৪|জয়-কালত}} | {{center|{{Xx-larger|'''জ।'''}}}}
জগত-জননী পতিত পাৱনী—বিণ, যাক জগতৰ মানুহে জানে অৰু যি পতিত
লোকক পবিত্ৰ কৰে। এতেকে,—সুপ্ৰসিদ্ধ আৰু অসাধাৰণ ক্ষমতা-
শালী, renowned and talented.
জগ কাঠ—বিং, [ জেবা কাঠ ] নৈত উটি অহা জেকি থকা কাঠ। এনে কাঠ
যতে ততে লাগি পৰি থাকে। এতেকে,—লৰ-চৰ কৰিব নোখোজা
এলেহুৱা মানুহ, a too lazy person.
... | VALIDATED | ||
পৃষ্ঠা:A Dictionary Of Phrases From Assamese To Assamese And English.djvu/১১৫ | {{rh|জয়-জয়|১০৫|জলকীয়াৰ}} | জয়-জয় ময়-ময়—বিং, [ জয়ময় জয়ময় ] ‘ময়’ সংস্কৃত তদ্ধিত প্ৰত্যয়। ’জয়ময়’
শব্দে ’জয়-পৰিপূৰ্ণ’ অৰ্থাৎ চাৰি ফালে জয়, এনে ভাব বুজায়।
এতেকে,—সৰ্ব্বাঙ্গীন মঙ্গল, triumph all round.
জয়-পাতে ক্ষয়—বিং, [জয়মাত্ৰে ক্ষয়] জয় হোৱা মাত্ৰে ক্ষয় অৰ্থাৎ উন্নতিৰ
অব্যৰহিত পাচতে অৱনতি , fall immediately after triumph.
জয়... | PROOFREAD | ||
পৃষ্ঠা:A Dictionary Of Phrases From Assamese To Assamese And English.djvu/১১৬ | {{rh|জলত|১০৬|জান-নাজান}} |
ive but yet exercises peculiar fascination over its
subject.
জলত দিয়া থলত দিয়া— ক্ৰি, জলত জলশাই ডাঙ্গৰীয়া, থলত থলশাই ডাঙ্গৰীয়াৰ নামে উছৰ্গি দি হয় অৰ্থাৎ জলে থলে সকলো ঠাইতে দান কৰা হয়। এতেকে,—অ’ত তত দান কৰা, ইটো সিটো কৰি বহু মানুহক দিয়া,
to spend money in diverse petty ways.
জলাহ-যমুনা হোৱা—ক্ৰি, জলাহ—জলাশয়, ... | PROOFREAD | ||
পৃষ্ঠা:A Dictionary Of Phrases From Assamese To Assamese And English.djvu/১১৭ | {{rh|জানন্তে|১০৭|জিজি}} | or small, infinitesimal.
'''জানন্তা মোমা'''—বিং, (সাধুকথা) গাওঁৰ ভিতৰত সকলোতকৈ জনা বুলি জানন্তা
মোমা নাম পাইছিল। নিগনি কি জন্তু চিনিব নোৱাৰি সকলো
মানুহে জানন্তা মোমাক সুধিবলৈ গল। জানন্ত মোমাই মনতে ভাবি
চালে :-“ইয়াক পানীত পেলাই চোৱা যাওক। যদি ই তললৈ যায়,
তেনেহলে হাতী আৰু যদি ওপঙ্গে তেনেহ’লে পানী কাউৰী। ” ইয়াকে
ভাবি ... | VALIDATED |
Subsets and Splits
No community queries yet
The top public SQL queries from the community will appear here once available.